চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক সৃজনীশীল লেখনিৰ বাবে উৎসাহ দিয়াৰ এক প্ৰচেষ্টা
চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক সৃজনীশীল লেখনিৰ বাবে উৎসাহ দিয়াৰ এক প্ৰচেষ্টা
ষষ্ঠ সংখ্যা
জুন, ২০২৪
কবিতাৰ কুকি
জোনবাই
অনন্যা দাস
অষ্টম শ্ৰেণী
কৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়
দৰং
জোনবাই জোনবাই
আছা তুমি মোক
নিলগৰ পৰা চাই
ঘৰতো মাৰ আকাশত
পৃথিৱীৰ বহু নিলগত
সন্ধিয়া সময়ত তোমাৰ
নিৰিবিলি পোহৰত
শুনো আইতাৰ সাধু
তাকে দেখি তুমিও চাগে
শুনা বুঢ়ী আইৰ সাধু
কিয়নো তুমি
মাৰা ভুমুকি
দিবানে তুমি মোক
তাৰে সঁহাৰি
নিতৌ ওমলোঁ জানা
লগৰ সতে
তুমিও ওমলা চাগে
ৰং মনে ঘৰ সাজি
তৰাবোৰৰ সতে
------- X -------
আই
দেনী বৰা
চতুৰ্থ শ্ৰেণী
বৈষ্ণৱপুৰ প্ৰাথমিক বিদ্যালয়
লখিমপুৰ
যাৰ বাবে পালো মই
পৃথিৱীত ঠাই
তেৱেই মোৰ জন্মদাত্ৰী আই
তেওঁ মোৰ
অতিকৈ মৰমৰ আই
যি গৰাকীয়ে গঢ়িলে মোক
চৰিত্ৰবান আৰু সৎ
দিলে জীৱন গঢ়াৰ পথ
তেৱেই মোৰ অতি শ্ৰদ্ধাৰ
মৰমৰ আই
সততে থাকো যেন মাৰ মৰম পায়
------- X -------
সোণৰ অসম
মৃম্ময় ডেকা
অষ্ঠম শ্ৰেণী
পিএনজিবি উচ্চ মাধ্যমিক বিদ্যালয়
লখিমপুৰ
অসম অসম সোণৰ অসম
তোমাৰ তুলনা নাই,
ভাৰতৰ তুমি নুমলীয়া জী
সুজলা - সুফলা আই।
মহাবাহু আহি চৌপাশ ঢৌৱাই
নানা নদী আহি তাতে মিলি যায়।
অসমীয়া জাতি আৰু উপজাতি মিলি
অসমীয়া জাতি কোনো ভেদ নাই।
ভকতি ধৰ্মৰ মহান বাণীৰে
বান্ধে সকলোকে গুৰু দুজনাই
উদাৰতা আৰু ত্যাগৰ মন্ত্ৰৰে
নতুন অসম গঢ়ে বীৰ চিলাৰায়ে।
ৰুদ্ৰ সিংহই মাতৃৰ স্মৃতিত
জয়সাগৰত গঢ়ে স্মৃতুসুধ,
নৰনাৰায়ণে দেশৰ কাৰণে
কলা - সাহিত্যৰ গঢ়ে স্বৰ্ণসৌধ।
সাহিত্যৰথী ৰথত উঠিয়ে
অসমীয়া সংস্কৃতি
মৃম্ময় ডেকা
অষ্ঠম শ্ৰেণী
পিএনজিবি উচ্চ মাধ্যমিক বিদ্যালয়
লখিমপুৰ
সংস্কৃতি কোনো এটা জাতিৰ জাতীয় জীৱনৰ দাপোনস্বৰূপ। সংস্কৃতিৰ মাজেৰে জাতি এটাৰ স্বৰূপ উপলদ্ধি কৰিব পৰা যায়। সংস্কৃতিৰ গতি বোৱতী নৈৰ গতিৰ দৰে । আমাৰ এই সুজলা-সুফলা অসমত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে। ইয়াৰ ভিতৰত অসমীয়া জাতি হৈছে অন্যতম । এই অসমীয়া জাতিৰ সংস্কৃতি অতি পুৰণি। অসমীয়া সংস্কৃতিৰ ভিতৰত বিয়া-বাৰু ক্ষেত্ৰত প্ৰথমে সৰু ছোৱালীৰ তুলনি বিয়া আৰু ডাঙৰ হলে দৰা-কইনাৰ হোম-য্যহু আদি কৰি বিয়া কৰা হয়। তেনেদৰে উৎসৱ-পাৰ্বনৰ ক্ষেত্ৰতো ঋতু-বসন্ত মিলাই উৎসৱ-পাৰ্বন পতা দেখা যায়, যেনে দৌল উৎসৱ, শিৱ-ৰাতি, দ্বীপাৱলী, দুৰ্গা পূজা, কালি পূজা, গণেশ পূজা, সৰস্বতী পূজা, লক্ষ্মী পূজা আদি পালন কৰা হয়। ইয়াৰ উপৰিও অসমীয়া সমাজত নাট-ভাওনাৰ প্ৰচলন অধিক । এই সমূহৰ উপৰিও অসমীয়া জাতিৰ মূল সংস্কৃতিৰ উৎসৱ হল বিহু। বিহু তিনি প্ৰকাৰৰ, সেইসমূহ - বহাগ বিহু, মাঘ বিহু , কাতি বিহু।
এই বিহু প্ৰকৃতিৰ লগত আৰু খেতিৰ লগত জৰিত হয়। যেনেকৈ বহাগ বিহুৰ লগত সকলোৱে নতুন বৰ্ষক আদৰণি জনাই আৰু সকলোৱে ডাঙৰক সন্মান জনাই। তেনেদৰে , মাঘ বিহুত সকলো মানুহে নতুন চাউলৰ পিঠা-লাড়ু চিৰা - জলপান আদি তৈয়াৰ কৰে আৰু ভেলাঘৰ পাতি ভোজ ভাত খাই। তেনেকৈ কাতি বিহু সকলোৱে পথাৰত লক্ষ্মী সেৱা কৰে আৰু তুলসী মাক সকলোৱে সন্মান জনাই চাকি - বন্তি জ্বলাই।
টকা
ৰবিনা বেগম
দ্বাদশ শ্ৰেণী
লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়
লখিমপুৰ
বৰ্তমানৰ যুগ, টকাৰ যুগ
য'ত সম্পৰ্কৰ কোনো মূল্য নাই,
নাই চৰিত্ৰৰ পৰিচয়
সকলোৱে মূল্য দিয়ে কেৱল কাগজৰ।
কাগজেৰেই কৰিব পাৰি সম্পৰ্কৰ বেপাৰ
কাগজেৰেই কৰিব পাৰি সুখ দুখৰ ওজন, এই কাগজৰ বাবেই চলিছে
দুখীয়াৰ উপৰত অত্যাচাৰ
কাগজৰ বাবেই কৰিছে
অপৰাধৰ ওপৰত অপৰাধ
কৰিছে খুন কৰিছে বলৎকাৰ।
টকাৰ মায়া-জালত আবদ্ধ হৈ
বলিয়া হৈছে প্ৰশাসন,
ধনীয়ে দুখীয়াক অহংকাৰ কৰি দেখুৱাই
বৰ্তমানৰ যুগ টকাৰ যুগ।
------ x ------
স্বাস্থ্য বাৰ্তা
ৰূমী কোঁৱৰ
শ্ৰেণী সপ্তম
লালুক একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়
আমি জীৱনত সুস্থ আৰু সবলভাৱে জীয়াই থাকিবলৈ কিছুমান অভ্যাস গঢ়ি তুলিব লাগিব আৰু অভ্যাসবোৰ মানি চলিব লাগিব।
১) আমি ৰাতিপুৱা অতি কমেও ২০ মিনিট খোজ কাঢ়িব লাগে।
২) দিনটোত অতি কমেও ২০ মিনিট শান্তিময় ঠাইত অতিবাহিত কৰিব লাগে।
৩) আমি প্ৰতিদিনে যোগা আৰু প্ৰাৰ্থনাৰ বাবে সময় ঠিক কৰিব লাগে।
৪) আমি উদ্যোগীক খাদ্যতকৈ সেউজীয়া শাক পাছলি খাব লাগে।
৫) আমি দৈনিক ৮ ঘণ্টা শোৱাৰ অভ্যাস কৰিব লাগে।
৬) আমি দৈনিকঅতি কমেও ২ লিটাৰ পানী খাব লাগে।
৭) আমি দৈনিক বন্ধু বৰ্গৰ লগত খেল-ধেমালি কৰিব লাগে।
৮) আমি অধিক কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে।
৯) আমি হাঁহি থাকিব লাগে।
১০) আমি বেছি সময় ফূৰ্তিকে থাকিব লাগে।
সম্পাদকীয়
লেখনিবোৰত নিজৰ অভিজ্ঞতা সম্পৰ্কে লিখা হয়। অভিজ্ঞতাৰ পৰা পোৱা কথাবোৰ পৰিকল্পিতভাৱে উপযুক্ত শব্দৰ সংযোজন ঘটাই লেখা এটা লেখিব পাৰি।লেখা কামতো তেনেই সহজ নহয়। কিতাপ অধ্যয়ন কৰিলে লেখা কামতো অলপ সহজ হয়।কিতাপ অধ্যয়ন কৰিলে বহুতো সমল আয়ত্ত কৰিব পাৰি। কোৱা বাহুল্য মাথোঁ, কিতাপ অধ্যয়ন কৰিলেই এজন প্ৰসিদ্ধ লেখক হ’ব নোৱাৰে। প্ৰসিদ্ধ লেখক হবলৈ কিতাপ অধ্যয়নৰ লগতে ভাব, চিন্তাবোধ, যুক্তিৰ বিশ্লেষণ কৰিব পৰা মগজ থাকিব লাগিব। লেখাৰ অভ্যাস গঢ়লৈ উঠিলে পৰৱৰ্তী সময়ত অনায়সে লেখিব পাৰে। সেইবাবে ছাত্ৰ জীৱনৰ পৰাই লিখাৰ অভ্যাস গঢ়লৈ উঠক তাকে ভাবি ডঁৰিকণা নামৰ বৈদ্যুতনি আলোচনীৰ ব্যৱস্থা কৰা হৈছে।
যিহেতু, অভিজ্ঞতা সম্পৰ্কে উল্লেখ কৰা হৈছে, মোৰ computerত জাহ্নবী নামৰ softwareত কাম কৰাৰ অভিজ্ঞতা আছিল। কিন্তু কাৰিকৰী কাৰণত জাহ্নবী নকৰা হ’ল। এতিয়া নতুনকৈ windowsৰ keyboard শিকি আছোঁ। কথাতো হ’ল, নতুনকৈ windowsৰ keyboard আয়ত্ত কৰোতে সৃজনীশীল লেখা সমান্তৰালকৈ মগজলৈ নাহে। সি যি কি নহওক, সৃজনীশীল লেখাৰ বাবে উপযুক্ত পৰিৱেশ এটাৰ খুব প্ৰয়োজন হয়।
প্ৰকৃতি আৰু আমি
লেখাৰ বাবে আহ্বান
চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ লেখনি 8752894513 WhatsApp নম্বৰত বা sannidhya748@gmail.com Emailত পঠাবলৈ আহ্বান জনালোঁ।
ইতি
সম্পাদক
মহৎলোকৰ বাণী
ভয় জয় কৰাটোৱেই হল মানুহৰ প্ৰথম কৰ্তব্য - কাৰ্লাইল