Sannidhya Trust has various career prospect parameter regarding recruitment of staff but it is optional right now due to under development protocol of the Trust and the career opportunities may be available in near future. Trust is trying to enforce various projects in up coming days and expect it will open different career options.
Some position are enlisted as below
Members
Volunteers
Font office executives
Office Bearers
Security Personnel
Skill Development Task
First Batch Volunteer
কোনেনো বুজিব 😢
মৃদুপৱন গগৈ , ন্যাসৰ মুখ্য
১৪ ছেপ্টেম্বৰ, ২০২৫
ঘন নিয়ৰজাক ফালি এখোজ দুখোজকৈ সান্নিধ্যই আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। ঠাণ্ডাজাকেও সুবিধা বুজি আগুৰি ধৰিছে। কিজানি সান্নিধ্যৰ গতি মন্থৰ হয় বা, কেৱল ঠাণ্ডাজাকক দোষ জাপি দি বাকীবোৰে হাত সাৰি যাম বুলি ভাবিছিল। কিন্তু মোৰ কঠোৰ দৃষ্টিত সিহঁতবোৰোও সান্নিধ্যৰ গতি মন্থৰ কৰাত অংশীদাৰিত্ব তালিকাৰ ভিতৰত সন্নিবিষ্ট হৈছে। ২০১৪ চনৰ ৬ ডিচেম্বৰ তাৰিখে জন্ম লাভ কৰা ন্যাস সান্নিধ্য আজিৰ দিনত ১১ বছৰত ভৰি দিলে। ১১ বছৰৰ জয় যাত্ৰাৰ কথা ক'বলৈ মই সাহস গোটাব পৰা নাই কাৰণ ১১ বছৰৰ মাথোঁ চালুকীয়াভাৱে ন্যাসটো চলাই নিবলৈও মই দিন ৰাতি একাকাৰ কৰিব লগীয়া হৈছে। পৰিয়ালৰ সুখক আওকাণ কৰি সকলো সময়তে ন্যাসৰ উত্তৰণৰ বাবে কাম কৰি গৈছিলোঁ। ভবা কথা নহয় সিদ্ধি বাট আছে কণা বিধি বুলি যি আপট বাক্যষাৰী আছিল সেই বাক্যষাৰীয়ে মোৰ জীৱনলৈ নামি আহিল। নিয়তিয়ে মোৰ জীৱনৰ লগত খেল খেলিলে আৰু মই নিঠৰুৱা হৈ পৰিলোঁ। মই একেবাৰে ভাগি পৰিলোঁ। জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু থকা ল'ৰাটো এদিন ভাগি গ'ল। থাকিবলৈ ঘৰৰ কথা নাভাবি ন্যাসৰ কাৰ্যালয় নিৰ্মাণ কথা অধিক গুৰুত্ব দিলোঁ, বেংকৰ লোনৰ বোজা, ধনৰ অভাৱ। লাহে লাহে মই খিংখিঙিয়া স্বভাৱৰ হ'বলৈ ধৰিলোঁ। যিটো গুণ মোৰ আগতে নাছিল। তাৰ পৰাই পাৰিবাৰিক কিছুমান সমস্যা সৃষ্টি হ'ল যাৰ ফলত মই এদিন সকলো এৰিবলৈ সিদ্ধান্ত লৈছিলোঁ। কিন্তু ভগৱানে পুনৰ জীৱনটো ঘূৰাই দিলে। সান্নিধ্য ন্যাসটোৰ উত্তৰণৰ বাবে যিমান পাৰি মোৰ ফালৰ পৰা কৰি আছোঁ। আপোনালোকে বিশ্বাস নকৰিব চাগে আজিৰ দিনত মোৰ থাকিবলৈও ঘৰ এটা নাই অথচ মই আজিও ন্যাসৰ কাৰ্যালয়টো বনোৱাত মোৰ দৰমহাৰ সমূহ ধন খৰছ কৰি আছোঁ। ২০১৫ চনতে লোৱা লেপটপটো যিখিনি কষ্ট আৰু ত্যাগৰ দ্বাৰা চলাই আছোঁ তাক বুজাবলৈ মোৰ ভাষা নাই। মোৰ slow learner laptopটো বৰ্তমানেও মোৰ কৰ্ম দক্ষতাৰ সাৰথি হৈ আছে। আজিৰ দিনত ই বিকল হ'লে দ্বিতীয় এটা কিনিবলৈ সামৰ্থ্য নাই। ২০১৪ চনতে কিনা জৰাজীৰ্ণ VIVO Y51L smart phone টো যিটো true 4Gয়েই নহয় তাকে মোৰ পত্নীয়ে বৰ্তমান ব্যৱহাৰ কৰি আছে। আজিৰ দিনত মই ভাল smart phone এটা কিনি দিব পৰা নাই। এনে নহয় যে তাই অভাৱ অভিযোগ নিদিয়ে কিন্তু মই নিৰুপায়। ন্যাস গঠনৰ সময়ত সদস্যসকলৰ সক্ৰিয়তা আৰু বৰ্তমান সময়ত সদস্যসকলৰ সক্ৰিয়তাৰ মাজত পাৰ্থক্য আহিল। সময় বাগৰি গ'ল, সকলোৰে নিজৰ নিজৰ পৰিয়াল হ'ল। পৰিয়ালক সময় দিব লাগে। উপাৰ্জনৰ বাবে কৰ্ম কৰিব লাগে। হঠাতে সদস্যসকলৰ মনবোৰ সিঁচৰতি হৈ পৰিল। সদস্যসকল আৰ্থিকভাৱে অধিক সবল নোহোৱাৰ কাৰণে এনে পৰিস্থিতিত সদায়ে তেওঁলোকৰ পৰা দান বৰঙণি বিচাৰি কাৰ্যসূচী চলাবলৈ অসুবিধা হয়। এনে নহয় যে তেওঁলোকে দান বৰঙণি নিদিয়ে, দিয়ে, কিন্তু কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰে কাৰণ নানান সমস্যা আছে যেনে ব্যক্তিগত সমস্যা, পাৰিবাৰিক সমস্যা, কৰ্মক্ষেত্ৰৰ সমস্যা আদিয়ে সদস্যসকলৰ সান্নিধ্য পাবলৈ কঠিন হ'বলৈ ধৰিছে। মুঠৰ ওপৰত ন্যাসটো চলাই নিয়াৰ গধুৰ দায়িত্ব মোৰ ওপৰতে আছে। মই যত্ন কৰিছোঁ, বাধা বিঘিনি আঁতৰাই আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ, যদিও কেতিয়াবা থমকি ৰৈ যাব লগীয়া হয়। অৰ্থৰ অবিহনে কোনো অনুষ্ঠান নচলে, নিজৰ জেপৰ ধন ভাঙি কিমান দিনলৈ এই ন্যাসক আগুৱাই নিব পাৰিম!, মাজে মাজে মনলৈ প্ৰশ্ন আহে। কথাবোৰ কাকনো ক'ম? শুনোতাজনে সামান্য আন্তৰিকতাৰ বাহিৰে কোনো সমাধান দিব নোৱাৰে। আমি আনক হেঁচা দি ধন সংগ্ৰহ কৰিব নোৱাৰো বা ই আমাৰ আদৰ্শত নপৰে। আমাৰ ব্যৱস্থাত product নাই যাক আমি sale কৰি লাভাংশক ন্যাসৰ কামত ব্যৱহাৰ কৰিম, যিদৰে Tata Trustয়ে কৰিব পাৰিছে। Tata Trust কেৱল এটা উদাহৰণ মাথোঁ, এনে বহু ন্যাস আছে যাৰ ধনৰ উৎস আছে আৰু সমাজৰ বাবে কাম কৰি গৈছে। কিন্তু আমাৰ প্ৰৱল ইচ্ছা থাকিও আমি বিচলিত হ'ব লগাত পৰিছো।
আৰ্থিকভাৱে ন্যাসটোক সৱল কৰিবলৈ নিজাববীয়াকৈ বহুতো ব্যৱস্থা গ্ৰহণ কৰিছোঁ কিন্তু ক'তো সফল হ'ব পৰা নাই। আনকি কাৰ্যালয়টো অৰ্ধ নিৰ্মিত অৱস্থাতে আছে। সেই অৰ্ধ নিৰ্মিত কাৰ্যালয়তে আমি পৰিয়ালৰ চাৰিটা সদস্য থাকো। নিজৰ নামত বৰ্তমানলৈকে মাটি এটুকুৰা নাই। প্ৰথমে আমাৰ পৰিয়ালটি চৰকাৰী মাটিত বসবাস কৰিছিলোঁ। দেউতাই ম্যাদী মাটি কিনাত তাত ঘৰ সাঁজে আৰু মই তাতে কাৰ্যালয়ৰ বাবে ঘৰটো বনাও। চৰকাৰী মাটিত থকা পুৰণা ঘৰটো ডাঙৰ ভাইটিৰ পৰিয়াল থাকে। সৰু ভাইটিৰ পৰিয়ালৰ লগত মা-দেউতা থাকে। মোক পুৰণা ঘৰৰ ওচৰতে দুকঠা(সঠিকে নহয়) মাটি দিলে। মোৰ পৰিয়ালটো থাকিবলৈ সেই চৰকাৰী মাটি পুৰণা ঘৰৰ ওচৰত ঘৰ সাজি থকাৰ কথা ভাবিছোঁ, বৰ্তমানলৈকে ঘৰ সজা নাই। নিজৰ দুটা সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ পৰিবৰ্তে ন্যাসক গুৰুত্ব প্ৰদান কৰা কাৰ্যক সহজভাৱে গ্ৰহণ নকৰে ফলত মই বহু প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় কিন্তু মই ইয়াৰ উত্তৰ দিবলৈ অপাৰগ। ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলক উপযুক্ত মাৰ্গদৰ্শন কৰি সমাজৰ হকে কাম কৰিবলৈ যাওঁতে কিমান যে নিষ্ঠুৰতাক আঁকোৱালি ল'ব লগা হয়, মোক চিনি পোৱা সকলে সেই বিষয়টোক জানে আৰু বিষয়টোক বহল মৰ্যদা দিবলৈ মন নাই। মুঠতে মোৰ ওপৰত সাংঘাটিক মানসিক চাপ পৰিছিল। সান্নিধ্য মোৰ বাবে মানস পুত্ৰৰ দৰে ইয়াকো সাৰ পানী যোগান ধৰিব লগীয়া হয়। সেইবাবে আৰ্থিক দিশটো টনকিয়াল কৰিবলৈ বহুত চেষ্টা কৰা হৈছে যদিও কৃতকাৰ্য হ'ব পৰা নাই। তাৰে ভিতৰত এটা ব্যৱস্থা আছিল YouTubeত শৈক্ষিক video বনাই ... ইয়াতো বিফল হ'লোঁ।
এতিয়া ২৭ জুলাই, ২০২৫ তাৰিখে মোৰ লগত হোৱা ঘটনা এটাৰ উপস্থাপনেৰে আজিৰ এই লেখা সামৰণি মাৰিব বিচাৰিছোঁ। Ministry of Labour and Employment, Govt. of Indiaৰ অধীনত National Career Service নামে website এটা আছে। যাৰ সহায়ত যুৱক-যুৱতীক বিভিন্ন চৰকাৰী-বেচৰকাৰী চাকৰিত মকৰল কৰাৰ উপৰিও online courseৰ যোগেদি skill আৰু personality developmentৰ সুবিধা দিয়ে। কিন্তু তাকে লৈ এচাম cyber অপৰাধীয়ে ভুৱাকৈ NCSৰ নাম লৈ চাকৰি দিম বুলি Job Seekerৰ পৰা টকা লয়। ময়ো NCSত Counsellor হিচাপে আছো। মাজতে Employment Exchangeত মোৰ profile update কৰাত NCSয়ে মোক Job Seeker বনাই ল'লে। ২৭ জুলাই, ২০২৫ তাৰিখ দেওবাৰে দিনৰ প্ৰায় ৩:১৬ বজাত এটা মেইল আহে। মেইলটো NCSৰ পৰা পঠোৱা বুলি কয় আৰু অনলাইন কামৰ বাবত মাহে ২৩,০০০ টকা দিব বুলি ক'লে। মোৰ ন্যাসৰ আৰ্থিক সমস্যাক দূৰ কৰিবলৈ হঠাতে এটা সুযোগ আহিল বুলি মনটো পতিয়ন গ'ল। কিন্তু NCSৰ websiteত ভুৱা ব্যক্তিয়ে ধন দাবী কৰে বুলি সাৱধান বাণী দিয়া এখন জাননী দিয়া আছে যদিও মই NCSAক National Career Service Association বুলি ভাবি মেইলটো প্ৰকৃত বুলি আৰু Counsellor হোৱাৰ বাবে পঠাইছে বুলি ধৰিলোঁ। মাহিলি ২৩,০০০ টকাৰে ন্যাস চলাবলৈ এজন পৰিচালক আৰু কাৰ্যালয় নিয়ন্ত্ৰণ কৰিবলৈ bearer এজন নিযুক্তি দিব পাৰিম বুলি পৰিকল্পনা কৰিলোঁ। মই ন্যাসৰ স্বাৰ্থৰ বাবে ভুৱাক প্ৰকৃত নিয়োগকৰ্তা বুলি ভাবি তেওঁলোকৰ নিৰ্দেশ পালন কৰি ৩ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে ৩৯৫ টকা দিলোঁ। তাৰ পাছত এখন ৮৮ পৃষ্ঠাৰ Taxৰ pdf ফাইল এটা wordলৈ নিবলৈ কামটো দিলে। তেতিয়া মোৰ সন্দেহ হ'ল আৰু NCSত call কৰাত গম পালোঁ ভুৱা বুলি। অধিক সচেতন হৈ থাকিও ন্যাসৰ স্বাৰ্থত মই cyber crimeৰ ভুক্তভোগী হ'লোঁ। আপুনি হয়তো, ভাবি পাৰে টকাৰ লোভত পৰি মই cyber crimeৰ ভুক্তভোগী হ'লোঁ বুলি! খ্ৰীষ্টিয়ান ধৰ্মমতে সাতটা মহাপাপৰ ভিতৰত এটা হৈছে- অৰ্থলোভ। খ্ৰীষ্টিয়ান ধৰ্মৰ সাতটা মহাপাপৰ প্ৰতি সদায়ে সচেতন থাকো। কিন্তু এই প্ৰক্ৰিয়াত মোৰ অৰ্থলোভ ন্যূনতমো নাছিল, আছিল কেৱল ন্যাসৰ উত্তৰণৰ বাবে এক ব্যতিক্ৰমধৰ্মী চিন্তা ... ইয়াতো বিফল হ'লোঁ।😢